অৰুণাচল প্রদেশ ভাৰতৰ উত্তৰ-পূব সীমান্তত অৱস্থিত এখন ৰাজ্য। ষষ্ঠদশ শতিকাত, আহোমসকলে অসমত ৰাজত্ব কৰাৰ সময়ৰ পৰা অৰুণাচলৰ প্ৰথম নথিভুক্ত ইতিহাস পোৱা যায়। অসমত ইংৰাজে ৰাজত্ব কৰাৰ সময়ত এই ভূখণ্ডও ইংৰাজৰ প্ৰশাসনিক নিয়ন্ত্ৰণলৈ আহে। ১৯১৪ চনত এই অঞ্চলটো অসমৰ দৰং আৰু লখিমপুৰ জিলাৰ পৰা কিছু অংশ পৃথক কৰি লৈ উত্তৰ-পূব সীমান্ত অঞ্চল (North East Frontier Agency) বা চমুকৈ নেফা (NEFA) গঠন কৰা হয়। ১৯৬২ চনলৈকে এই অঞ্চল নেফা নামেৰেই জনাজাত আছিল। ১৯৪৮ চনত এই অঞ্চলটো কেন্দ্ৰীয় চৰকাৰৰ প্ৰশাসনৰ অধীনলৈ আহে। অঞ্চলটোৰ অৱস্থানগত গুৰুত্বৰ কাৰণে ১৯৬৫ চন পর্যন্ত ই কেন্দ্ৰীয় বৈদেশিক মন্ত্ৰালয় আৰু পৰৱৰ্তী সময়ত গৃহ দপ্তৰৰ প্ৰশাসনিক এলেকাধীন আছিল। ১৯৭২ চনৰ ২০ জানুৱাৰীত অৰুণাচল প্রদেশ নাম দি ইয়াক কেন্দ্রীয়শাসিত অঞ্চলৰূপে ঘোষণা কৰা হয়। ১৯৮৭ চনৰ ২০ ফেব্ৰুৱাৰীত অৰুণাচলে পূৰ্ণ ৰাজ্যৰ স্বীকৃতি লাভ কৰে।
Conclusion
💖 I this post i have made a post অৰুণাচল প্রদেশ কেতিয়া গঠন হয় ?. I hope you have liked it and Please do share with your friends and follow our blog for more
if you have any questions please feel free to ask in comments section
Labels :
History Quiz ,
Quiz ,