মেট্ৰিক হায়াৰ ছেকেণ্ডাৰী ৰিজাল্টে কি কি শিকালে-
লৰা ছোৱালী সৰ্ব্বমুঠ সাতবিধ - দুখীয়া; ধনী; প্ৰাইভেট; চৰকাৰী; মেধাবী; মালগাধা আৰু মজলীয়া
দুখীয়া হৈ ভাল ৰিজাল্ট কৰাটো চোকা আৰু ধনী ঘৰৰ ভাল ৰিজাল্ট কৰাটো তেনেই সাধাৰন৷
ষ্টেণ্ড কৰাকিটা বিদেশত যাব আৰু মালগাধাকিটাই কলা সংস্কৃতি; জাতি মাটি আৰু ভেটি ধৰি থাকিব ইন্টাৰেষ্টিং যে মজলীয়াকিটা মাজে মাজে সৰকি যাব!
প্ৰাইভেট হ’লে ৰিজাল্ট ভাল - আদৰ সাদৰ বেছি
চৰকাৰী হ’লে দুখ কুলাই পাচিয়ে নধৰা; আলৈ আথানি হৈ পৰি ৰোৱা চৰকাৰী অৱহেলাৰ পাত্ৰ হোৱা স্কুল
দুখীয়া লৰা ষ্টেণ্ড কৰিলে তাৰ ঘৰৰ ফুটা ছাল; লেট্ৰিন বাথৰুমৰ পৰা আৰম্ভ কৰি মাক ভনীয়েকৰ ফটা কাপোৰলৈকে দেখুৱাবা আৰু ধনী হলে দ্ৰয়িং ৰুমৰ পৰা এখোজো ভিতৰলৈ আগ নাবাঢ়িবা
ধনীৰ ঘৰত ষ্টেণ্ড কৰিলে দুই মিনিট বাতৰি; দুখীয়াৰ ঘৰত ষ্টেণ্ড কৰিলে - তাৰ ঘৰৰ সন্মুখত তম্বু এটা তৰি লৈ দিনে নিশাই ভাৰত পাকিস্তানৰ সীমাৰ পৰা বাতৰি পৰিবেশন কৰাৰ দৰে যুদ্ধ গতিৰ তৎপৰতাৰে লাইভ টেলিকাষ্ট -- এই ধৰক -- মাজৰাতি জয়াল পৰিবেশ - আমি আছো এতিয়া আমুকৰ ঘৰৰ ভিতৰত যিটো ৰুমৰ পৰা ষ্টেণ্ড কৰিলে আমুকে৷ আপোনালোকে আমাৰ কেমেৰাৰে ওপৰলৈ চাই দিয়ক - এইয়া আপোনালোকে দেখিব আকাশত জোন তৰা বেলি ! মুধচ ফুটা; ঘৰৰ বেৰত প্ৰকাণ্ড প্ৰকাণ্ড ফুটা এইয়া আমাৰ কেমেৰা পাৰ্ছনে দেখুৱাইছে - কিদৰে জোনৰ পোহৰ পৰিছে পঢ়া টেবুলত আৰু সেই পোহৰত পঢ়ি আছে আমুকে ইমান দুখ ইমান কষ্ট তথাপি ষ্টেণ্ড কৰিছে চাই লওক আপোনালোকে নিজ চকুৰে এইয়া আমাৰ চেনেলৰ এক্সক্লুচিভ দৃশ্য বন্দী হ’ল আমাৰ কেমেৰাত
হেৰৌ কটা নিধকহঁত৷ বহুত হ’ল তহঁতৰ৷ বন্ধ কৰ আৰু নিজেও অলপ পঢ়গৈ যা ।
Conclusion
💖 I this post i have made a post মেট্ৰিক হায়াৰ ছেকেণ্ডাৰী ৰিজাল্টে কি কি শিকালে. I hope you have liked it and Please do share with your friends and follow our blog for more
if you have any questions please feel free to ask in comments section