দৈৰ ঔষধি গুণ |
দৈৰ ঔষধি গুণ
দৈ কেতিয়া খাব নালাগে –
- দৈৰ কেলছিয়াম আৰু লেষ্ট্ৰিক এচিড প্ৰচুৰ মাত্ৰাত পোৱা যায়। নিয়মিত ৰূপত ইয়াক সেৱন কৰিলে গাৰ ছালৰ কোমলতা বৃদ্ধি পায়।
- দৈৰ লগত জালুক(মিহিকৈ পিহি) মিহলাই চুলি ধুলে, চুলি ঘন, কোমল আৰু অধিক ক’লা হয় বুলি আয়ুৰ্বেদ শাস্ত্ৰত পোৱা যায়।
- দৈৰ নিয়মিত সেৱনে কেন্সাৰ ৰোগৰ আশংকা কিছু পৰিমাণে কমাই ৰাখে বুলি স্বাস্থ্য বিশেষজ্ঞসকলে মত পোষণ কৰিছে।
- বৃদ্ধাৱস্থাত প্ৰতিদিনে কমেও ১৫০ মিলিগ্ৰামকৈ দৈ সেৱন কৰিলে দেহৰ ‘এন্টিবডী’ অৰ্থাৎ ৰোগ প্ৰতিৰোধী ক্ষমতাৰ বৃদ্ধি ঘটে।
- দৈৰ সৈতে নিমৰ পাত মিহিকৈ পিহি ছালৰ ৰোগ খৰ আদিত সুফল পোৱা আৰু সোনকালে মুখৰ ছাল যোৱা ৰোগ নিৰাময় হয়।
- দৈ অতিসাৰ আৰু শোথ ৰোগত যথেষ্ট উপকাৰী।
- ২৫০ মিলিগ্ৰামমান দৈৰ লগত মিঠা আমৰ লচ্চী(চৰবত)তৈয়াৰ কৰি খালে চেহেৰা তেজাল আৰু দীপ্তমান হৈ পৰে বুলি আয়ুৰ্বেদ শাস্ত্ৰ পোৱা যায়।
- টেঙা দৈৰে মূৰ(চুলি) ধুলে মূৰৰ উফি নাশ হয়।
দৈ কেতিয়া খাব নালাগে –
- জ্বৰ হোৱা অৱস্থাত দৈ খাব নালাগে।
- মূৰৰ বিষ, ৰক্তপিত্ত, এলাৰ্জীৰ চাইনাচাইটিছ আদি ৰোগত ভোগা ব্যক্তিয়ে দৈ খাব নালাগে।
- চেনিৰে সৈতে দৈ খাব নালাগে। চেনিৰে সৈতে দৈ সেৱন কৰিলে উপকাৰিতাৰ মাত্ৰা হ্ৰাস পায়। দৈ সেয়ে সদায় নিমখৰ সৈতে সেৱন কৰা উচিত।
- ৰক্ত সম্পৰ্কীয় ৰোগত ভোগা ব্যক্তিয়ে সাধাৰণতে ৰাতিৰ ভাগত দৈ খাব নালাগে।
- দৈনন্দিন খাদ্য তালিকাত দৈৰ নিয়মীয়া অন্তৰ্ভুক্তিৰে নিঃসন্দেহে আমি আমাৰ সুস্বাস্থ্য সুনিশ্চিত কৰিব পাৰো।
Conclusion
💖 I this post i have made a post দৈৰ ঔষধি গুণ. I hope you have liked it and Please do share with your friends and follow our blog for more
if you have any questions please feel free to ask in comments section
Labels :
ঘৰুৱা দিহা ,