সকলো সাপৰ দংশন সাধাৰণতে জীৱন নাশক নহয়। কোনো এটা সাপে কামোৰতে কিমান পৰিমাণৰ বিষ কামোৰজনৰ শৰীৰত সুমুৱাব পাৰিছে, সেই কথাৰ ওপৰত ভিত্তি কৰিহে সাপ একোটাৰ কামোৰ কিমান গুৰুতৰ, সেই কথা নিৰ্ভৰ কৰে।
সকলো ধৰণৰ সাপৰ কামোৰকে গুৰুতৰ বুলি ধৰি লৈ চিকিৎসা আৰু নিৰীক্ষণ কৰিব লাগে। কাৰণ কামোৰোতে শৰীৰত সুমুৱাই দিয়া বিষৰ পৰিমাণ বেছিও হ’ব পাৰে। সৌভাগ্যৰক্ৰমে বম্বেৰ হফকিন প্ৰতিষ্ঠানে এনে এবিধ সৰ্পবিষ প্ৰতিৰোধী ছিৰাম তৈয়াৰ কৰি উলিয়াইছে, যিবিধ প্ৰতিষেধক ভাৰতত পোৱা প্ৰধান চাৰিওবিধ বিষাক্ত সাপৰ দংশনৰ চিকিৎসাৰ ক্ষেত্ৰত প্ৰয়োগ কৰিব পাৰি। এই প্ৰতিষেধক বৰ্তমান সকলো চৰকাৰী হস্পিতালত ৰখা হৈছে। গাঁৱলীয়া অঞ্চলতো প্ৰতিখন স্বাস্থ্য কেন্দ্ৰতে এই ছিৰাম সহজলভ্য হ’লে সাপৰ কামোৰত মৰা লোকৰ সংখ্যা বৰ্তমানতকৈ যথেষ্ট কম হৈ পৰিব।
★সৰ্প দংশনত প্ৰাথমিক চিকিৎসা আৰু কিছুমান মানিবলগীয়া কথা:
●শান্ত হৈ ৰ’ব। সাপে কামোৰাজনক উত্তেজিত হ’বলৈ নিদিব।
●সাপে কামুৰিলে কামোৰা ঠাইখিনিৰ ওপৰফালে চাৰিওপিনে কাপোৰ এখনেৰে পটিৰ দৰে টানকৈ বান্ধ এটা দিব লাগে। হাতত কামুৰিলে বান্ধটো বাহুৰ ফালে আৰু ভৰিত কামুৰিলে বান্ধটো ভৰিৰ ওপৰৰ ফালে দিব লাগে। কাপোৰখন এনেদৰে টানকৈ বান্ধি দিব লাগে যাতে তেজ চলাচল প্ৰায় নোহোৱা হয়।
●সাপে খোঁটা ব্যক্তিজনক এটা এচপিৰিণ পিল আৰু অলপ পানী দিব পাৰে।
● ভয় খাই পেপুৱা লগাটো(Tremor Stricken) অতি বিপজ্জনক।
●সাপে খোঁটা ব্যক্তিজনক কোনো আৰামদায়ক বাহনত বা এম্বুলেন্সত ততালিকে ওচৰৰ সৰ্পবিষ প্ৰতিৰোধী ছিৰাম পোৱা ঠাইলৈ লৈ যাব। তেওঁক নিজে যাবলৈ নিদিব।
●চক খোৱাৰ প্ৰতিকাৰ কৰিব।
●ভৰি দুটা ওপৰলৈ দাঙি থৈ গৰম কম্বলেৰে গাটো ঢাকি দিব।
●ৰোগীয়ে বমি কৰিলে তেওঁক এফলীয়াকৈ কাটি কৰি দিব লাগে নাইবা পিঠিখিন দাঙি ধৰিব লাগে, যাতে উশাহ লওঁতে চৰ্চৰণি নাখায়।
●জিভাখন গধুৰ হৈ পৰে, কথাবোৰ অস্পষ্ট হয় আৰু লেলাউটি ওলায়।টোপনিৰ ভাব আহে, ভাৰসাম্য হেৰুৱাই পেলায়।উশাহ ল’বলৈ অসুবিধা পায়, কেতিয়াবা মুৰ্চ্ছিত হয় সিৰামূৰি ধৰে।
★বিষাক্ত সাপে দংশন কৰাৰ লক্ষণ:
সাপে দংশন কৰাৰ পিছত সাপটো ওচৰে-পাজৰে দেখা নাযায় বাবে সাপটো বিষাক্ত নে অবিষাক্ত ধৰিব নোৱাৰি। গতিকে ৰোগীৰ লক্ষণসমূহ সঠিকভাৱে নিৰীক্ষণ কৰাটো অতি আৱশ্যক। যদি সাপে কামোৰা ঠাই টুকুৰা নিবিষায়, নাইবা কামোৰা ঠাইডোখৰ ফুলি নুঠে, তেনেহ’লে বুজিব যে সাপটো বিষাক্ত নহয়।
★সাধাৰণতে ক্ৰেইট সাপ বা ডুমুনী সাপে কামোৰাৰ লক্ষণ:
এনে সাপৰ বিষ ফেঁটি সাপতকৈ ৬/৮ গুণ বেছি বিষাক্ত হয়। সাপে কামোৰাৰ পিছত ৩-৫ ঘন্টালৈকে লক্ষণবোৰ ফেঁটি সাপৰ দৰেই হয়। মাথোন তলত দিয়া লক্ষণকেইটাহে ইয়াৰ ব্যতিক্ৰম।
সাধাৰণতে কামোৰা ঠাইডোখৰত কোনো ধৰণৰ বিষ হোৱা দেখা নাযায় নাইবা ঠাইডোখৰ ফুলিও নুঠে।কামোৰাৰ কেইঘন্টামানৰ পিছত হঠাতে লক্ষণ কিছুমান দেখা দিব পাৰে।৬-১২ ঘন্টাৰ ভিতৰত পেটৰ আৰু গাঁঠিৰ বিষ হ’ব পাৰে। কামোৰাৰ অলপ পিছতেই হস্পিতাললৈ নিব লাগে আৰু তাত কেইঘন্টামান চিকিৎসকৰ পৰ্যবেক্ষণত ৰাখিব লাগে।
★ফেঁটি সাপে কামোৰাৰ লক্ষণ:
ফেঁটি সাপৰ বিষে স্নায়ু, স্নায়ুতন্ত্ৰ বিকল কৰিব পাৰে। ই প্ৰেৰক স্নায়ুক নিষ্ক্ৰিয় কৰি শ্বাস-প্ৰশ্বাস ৰুদ্ধ কৰে আৰু ফলত হৃদস্পন্দন বন্ধ হৈ ৰোগীৰ মৃত্যু হয়।
ফেঁটি সাপে কামোৰাৰ লক্ষণসমূহ হ’ল-
●কামোৰা ঠাইটুকুৰাত বিষ হয়।
কেতিয়াবা বিষ নহবও পাৰে।কামোৰা ঠাইডোখৰ ফুলি উঠে।
কেতিয়াবা এঘন্টা বা তাৰো বেছি সময়ৰ পিছত বিষ হয়। কেতিয়াবা ঘা লাগিবও পাৰে।
পিছত সম্ভৱতঃ ক্ষতস্থানৰ পচন হয়।চকুৰে অস্পষ্ট দেখে।চকুৰ পতা ওলমি পৰে। ভৰি থৰক বৰক হৈ পৰে।
★ৰাচেল ভাইপাৰ বা গোমসাপে কামোৰাৰ লক্ষণ:
গোমসাপৰ বিষে তেজৰ লগত ক্ৰিয়া কৰে। তেজ খমলা বন্ধায়, শৰীৰৰ কোষকলা ধ্বংস কৰে। ইয়াৰ বিষ ফেঁটি সাপৰ বিষতকৈ এক তৃতীয়াংশ কম বিষাক্ত যদিও বিষথলী আৰু বিষদাঁতৰ আকাৰৰ কাৰণে গোম সাপে কামুৰিলে ফুটি উঠা শাৰীৰিক
●লক্ষণসমূহ হ’ল-
ততালিকে আৰু একেলেথাৰিয়ে হোৱা জ্বলা-পোৰা বিষ।কামোৰা অংশ হঠাতে ফুলি উঠে, প্ৰায় দুঘন্টাৰ ভিতৰতে ফুলি প্ৰকাণ্ড হৈ পৰে।কামোৰা অংশখিনিৰ ৰং শেঁতা পৰি যায়, থেতেলা খোৱাৰ দাগ, পানীজোলা বন্ধা আদি লক্ষণে দেখা দিয়ে।বমিভাব, দুৰ্বলতা, ছটফটনি।খেকাৰ, বমি, প্ৰস্ৰাৱ আৰু শৌচত তেজ যায়।চকুৰে দেখাত আৰু উশাহ-নিশাহ লোৱাত কষ্ট পায়।তেজ যাবলৈ ধৰা, ২৪ ঘন্টাৰ পিছত মূত্ৰক্ষয়বিকাৰ(বৃক্কই কাম নকৰা হোৱা) হয়।
●কৰতৰ দৰে বাকলিৰ ভাইপাৰ বা বাঁকৰাজ বা আখৈয়াগোম সাপে কামোৰাৰ ফলত দেখা দিয়া শাৰীৰিক লক্ষণ:
আকাৰত সৰু বাঁকৰাজ সাপৰ দাঁত বেছ ডাঙৰ কিন্তু কাপোৰ নাইবা জোতাৰ চামৰাত খোঁট মাৰিলে বেঁকা হ’ব পাৰে।এই সাপৰ বিষৰ তেজ গোট মৰাব পৰা শক্তি বৰ বেছি আৰু এই বিষ ৰাছেল ভাইপাৰ সাপতকৈ বেছি বিষাক্ত। ভাগ্যক্ৰমে ই কম পৰিমাণৰ বিষহে সুমুৱায়। বাঁকৰাজ সাপে কামোৰাৰ প্ৰধান
●লক্ষণবোৰ হ’ল-
জ্বলা-পোৰা বিষ(হয়তো কম পৰিমাণৰ), পিছলৈ বাহু আৰু ভৰিৰ গাঁঠিত বিষ হয়।দুঘন্টাৰ ভিতৰতে ফুলি উঠে, কেতিয়াবা অতি বেছিকৈ ফুলে। বিশেষকৈ যদিহে ভৰিত খোঁট মৰাৰ পিছত ৰোগীয়ে খোজকাঢ়ে বা দৌৰে।দাঁতৰ আলুৰ পৰা তেজ ওলোৱা, কটা ঘাৰ পৰা তেজ ওলোৱা, প্ৰস্ৰাৱত তেজ ওলোৱা।১২-২৪ ঘন্টাৰ পিছত শৰীৰৰ ভিতৰি ৰক্তক্ষৰণৰ(Internal Hemorrhage) চিন ওলায়।ৰক্তহীনতা, তেজ ক্ষয়ৰ পৰা হোৱা দুৰ্বলতাৰ লক্ষণ ওলায়। হৃদপিণ্ডই কাম নকৰা হোৱা ইত্যাদি।
ৰক্তক্ষৰণ বন্ধ কৰিবলৈ ধৰণী পটিৰে অতি জোৰেৰে বান্ধি দিয়াৰ ফলতো ঠাইডোখৰ বেছি উখহি উঠিব পাৰে। তেজ চলাচল বন্ধ হোৱাৰ ফলত উখহিলে ঠাইডোখৰ চুলে চেঁচা লাগিব কিন্তু সাপৰ বিষৰ কাৰণে ফুলি উঠিলে গৰম লাগিব
★বিষাক্ত সাপে খুঁটিলে আজিকালি এণ্টিভেনিন বা সৰ্পবিষ প্ৰতিৰোধক ঔষধ হিচাপে ব্যৱহাৰ কৰা হয়। ভাৰতৰ মুম্বাই চহৰৰ হফকিন ইনষ্টিটিউট আৰু কচৌলিৰ কেন্দ্ৰীয় গৱেষণা কেন্দ্ৰত এণ্টিভেনিন প্ৰস্তুত কৰা হয়। কোনো ব্যক্তিক বিষাক্ত সাপে খুঁটিলে লগে লগে এণ্টিভেনিন প্ৰয়োগ কৰিব পৰাকৈ ঔষধৰ যোগান নাপাবও পাৰে।এনেক্ষেত্ৰত নিম্নলিখিত ব্যৱস্থাসমূহ লোৱা দৰকাৰ:
●ৰোগীক লৰচৰ কৰিবলৈ দিব নালাগে। লৰচৰ কৰিলে ৰক্তনলীৰে বিষ বিয়পাত সহজ হয়।
বান্ধনী একেৰাহে ত্ৰিছ মিনিটতকৈ বেছি সময় ৰখা উচিত নহয়। আৰু প্ৰতি বিছ মিনিটৰ মূৰে মূৰে বান্ধনী ত্ৰিছ ছেকেণ্ডমানৰ বাবে ঢিলা কৰি দি পুনৰ বান্ধিব লাগে। এনে কৰাৰ ফলত কিছু বিষযুক্ত তেজ ভাল তেজৰ লগত মিহলি হৈ বিষৰ ক্ষমতা লোপ পায়।
●বান্ধনী থকা বিছ মিনিটৰ ভিতৰতে ক্ষতস্থানৰ অলপমান ওপৰত পৰিষ্কাৰ চোকা ব্লেড বা ছুৰীৰে হাড় আৰু ৰক্তবাহী নলীত নলগাকৈ সাৱধানে মাংসপেশীৰ অলপমান ফালি দি চেপি চেপি বিষযুক্ত তেজ উলিয়াবলৈ চেষ্টা কৰিব লাগে।
●ফালি দিয়া ঠাইখিনি নিমখ পানী তিওৱা কাপোৰেৰে ঢাকি থোৱা ভাল।
●সাপে খোঁটাৰ দহ মিনিটৰ ভিতৰত কোনো লক্ষণে দেখা নিদিলে অথবা আক্ৰান্ত ব্যক্তিৰ স্বাভাৱিকতাৰ কোনো পৰিৱৰ্তন নহ’লে সাপডাল অবিষাক্ত অথবা খোঁটাৰ সময়ত বিষ সুমুৱাবলৈ বিষ নাছিল বুলি ধৰিব পাৰি।
●আক্ৰান্ত ব্যক্তিজনে যাতে ভয় নাখায়, তাৰ প্ৰতি চকু ৰাখিব লাগে। কাৰণ বেছিভাগ ক্ষেত্ৰতে ভীতিগ্ৰস্ত হৈহে(Nervous) ৰোগীৰ মৃত্যু হয়।
●প্ৰাথমিক চিকিৎসা দংশনৰ লগে লগে আৰু যিমান পাৰি কম সময়ৰ ভিতৰত দি ডাক্তৰৰ ওচৰ চপা উচিত।
Conclusion
💖 I this post i have made a post সৰ্প দংশনত প্ৰাথমিক চিকিৎসা আৰু কিছুমান মানিবলগীয়া কথা. I hope you have liked it and Please do share with your friends and follow our blog for more
if you have any questions please feel free to ask in comments section
Labels :
আন শিতান ,